124 অধ্যায়
দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত। 
 1 ইস্ৰায়েলে ইয়াকে কওঁক, “যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন, 
 2 শত্রুবোৰে যেতিয়া আমাক আক্রমণ কৰিছিল, 
তেতিয়া যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন, 
 3 তেন্তে তেওঁলোকে আমাৰ বিৰুদ্ধে ক্ৰোধত জ্বলি উঠি আমাক জীয়াই জীয়াই গ্ৰাস কৰিলেহেঁতেন, 
 4 তেতিয়া জল সমূহে আমাক উটুৱাই লৈ গ’লহেতেঁন, আমাৰ ওপৰেদি জলৰ সোঁত বৈ গ’লহেতেঁন; 
 5 ওফন্দি উঠা জল সমূহ আমাৰ ওপৰেদি বৈ গ’লহেতেঁন। 
 6 ধন্য যিহোৱা, 
যি জনাই আমাক চিকাৰ স্বৰূপে 
তেওঁলোকৰ দাঁতত পেলাই নিদিলে। 
 7 আমাৰ প্রাণ ব্যাধৰ ফান্দৰ পৰা ৰক্ষা পোৱা পক্ষীৰ নিচিনাকৈ ৰক্ষা পৰিল; 
ফান্দ ছিঙি গ’ল আৰু আমি ৰক্ষা পালোঁ। 
 8 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, 
সেই যিহোৱাৰ নামত আমি সহায় পাওঁ।