123 অধ্যায়
যাত্ৰাৰ সঙ্গীত। 
 1 হে স্বৰ্গৰ সিংহাসনত থাকোঁতা জনা, 
মই তোমাৰ ফালেই মোৰ চকু তুলি চাই থাকোঁ। 
 2 গৰাকীৰ হাতলৈ যেনেকৈ দাসবোৰৰ চকু থাকে, আৰু দাসীৰ চকু যেনেকৈ গৰাকীয়ণীৰ হাতৰ ফালে থাকে, 
তেনেকৈ আমাক কৃপা নকৰা পর্যন্ত আমাৰ চকুৱে আমাৰ ঈশ্বৰ যিহোৱালৈ চাই থাকে। 
 3 আমাক কৃপা কৰা, হে যিহোৱা, আমাক কৃপা কৰা; 
কিয়নো আমি লোকসকলৰ তুচ্ছ-তাচ্ছিল্যত অধিককৈ পোঁত গ’লো। 
 4 আমাৰ প্রাণে বহন কৰিব পৰাতকৈ লোকসকলৰ বিদ্রূপ আৰু অহঙ্কাৰীবোৰৰ অপমান অধিক হ’ল।