28 অধ্যায়
দায়ুদৰ ৰচিত গীত 
 1 হে যিহোৱা, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ; 
হে মোৰ শিলা, মোলৈ আওকাণ নকৰিবা। 
কাৰণ, তুমি যদি মনে মনে থাকা, 
তেন্তে মৈদামৰ গাতলৈ নামি যোৱাবোৰৰ দৰে মোৰ দশা হ’ব। 
 2 সহায়ৰ কাৰণে মই যেতিয়া তোমাৰ আগত কাতৰোক্তি কৰোঁ, 
তোমাৰ মহা পবিত্ৰ স্থানৰ ফাললৈ হাত দাঙো, 
তেতিয়া তুমি মোৰ নিবেদন শুনা। 
 3 যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কার্য কৰি ফুৰে, 
যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়, 
অথচ অন্তঃকৰনত দুষ্ট ইচ্ছা পুহি ৰাখে, 
সেইসকলৰ লগত তুমি মোক টানি নিনিবা। 
 4 তেওঁলোকৰ কাৰ্য আৰু কৰ্মৰ দুষ্টতা অনুসাৰে, 
তুমি তেওঁলোকক প্ৰতিফল দিয়া; 
তেওঁলোকৰ হাতৰ কার্য অনুসাৰে তেওঁলোকক প্রতিফল দিয়া। 
তেওঁলোকে পাবলগীয়া যি আছে, তাকেই তেওঁলোকক দিয়া। 
 5 কিয়নো তেওঁলোকে যিহোৱাৰ কাৰ্য বা তেওঁৰ হাতে কৰা কর্মলৈ মনোযোগ নিদিয়ে; 
সেয়ে, যিহোৱাই তেওঁলোকক বিনষ্ট কৰিব, 
আৰু পুনৰায় গঢ় নিদিব। 
 6 সকলো প্রশংসা যিহোৱাৰেই; তেওঁ মোৰ কাকুতিৰ স্বৰ শুনিলে। 
 7 যিহোৱাই মোৰ বল আৰু মোৰ ঢাল; 
মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে। 
সেইবাবেই মই সহায় পাইছোঁ। 
সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে; 
মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ। 
 8 যিহোৱা তেওঁৰ লোকসকলৰ বল; 
তেৱেঁই তেওঁৰ অভিষিক্তজনৰ পৰিত্ৰাণৰ দুৰ্গ। 
 9 হে যিহোৱা, তোমাৰ লোকসকলক তুমি ৰক্ষা কৰা, 
তোমাৰ সম্পত্তিক তুমি আশীৰ্ব্বাদ কৰা; 
তুমি তেওঁলোকৰ ৰখীয়া হোৱা 
আৰু চিৰকাল তেওঁলোকক বৈ নিয়া।