27 অধ্যায়
দায়ুদৰ ৰচিত গীত 
 1 যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ; 
মই কাক ভয় কৰিম? 
যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ, 
মই কাৰ বাবে ত্ৰাসযুক্ত হম? 
 2 দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে, 
তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে। 
 3 সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে ছাউনি পাতে, 
মোৰ হৃদয়ে ভয় নকৰিব; 
মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়, 
তেতিয়াও মই সাহসেৰে থাকিম। 
 4 যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ, 
মই তাকেই অন্বেষণ কৰিম: 
মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ, 
আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ 
মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ। 
 5 আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব, 
নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব; 
তেওঁ মোক শিলৰ ওপৰত তুলি থব। 
 6 যি শত্রুবোৰে মোক চাৰিওফালে বেৰি ধৰিছে, 
তেওঁলোকতকৈ মোৰ মূৰ উন্নত হব; 
মই তেওঁৰ তম্বুত আনন্দ জয়ধ্বনিৰে বলি উৎসৰ্গ কৰিম। 
মই যিহোৱাৰ উদ্দেশ্যে গীত-গান কৰিম! 
 7 হে যিহোৱা, মই মাতিলে, তুমি শুনা। 
মোক কৃপা কৰা, মোক উত্তৰ দিয়া! 
 8 মোৰ হৃদয়ে* মোৰ হৃদয়ে তুমি কোৱা তোমাৰ এই কথাকে ক’লে, “আহাঁ, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা।” 
হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো। 
 9 তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা; 
ক্ৰোধত তুমি তোমাৰ দাসক দূৰ নকৰিবা। 
তুমিয়েই মোৰ সহায় হৈ আহিছা; 
হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, মোক নেৰিবা, মোক পৰিত্যাগ নকৰিবা! 
 10 মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব। 
 11 হে যিহোৱা, 
মোৰ শত্রুবোৰৰ কাৰণে, 
তুমি মোক তোমাৰ পথ শিকোৱা; 
তুমি মোক সমান পথত চলোৱা। 
 12 মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমর্পণ নকৰিবা; 
কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে; 
তেওঁলোকৰ প্রশ্ৱাসত অত্যাচাৰ ওলাই আহে। 
 13 মই বিশ্বাস কৰোঁ যে, 
জীৱিতসকলৰ দেশত মই যিহোৱাৰ মঙ্গল দেখা পাম† যেতিয়া মই জীৱিতসকলৰ দেশত আশা নকৰি যিহোৱাৰ মঙ্গল দেখা পাম বুলি বাট চাওঁ, তেতিয়া মই নিৰাশ হৈ মৰাৰ দৰে হওঁ। ! 
 14 তুমি যিহোৱালৈ অপেক্ষা কৰা; 
সবল হোৱা; 
তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক; 
পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা। 
*27 অধ্যায়:8 মোৰ হৃদয়ে তুমি কোৱা
†27 অধ্যায়:13 যেতিয়া মই জীৱিতসকলৰ দেশত আশা নকৰি যিহোৱাৰ মঙ্গল দেখা পাম বুলি বাট চাওঁ, তেতিয়া মই নিৰাশ হৈ মৰাৰ দৰে হওঁ।