হিতোপদেশ 
গ্রন্থ ৰচয়িতা 
“হিতোপদেশ”ৰ মূল ৰচক হ’ল ৰজা চলোমন। চলোমনৰ নাম আবির্ভূত আছে 1:1, 10:1, আৰু 25:1 পদত। অন্যান্য অন্তর্ভুক্ত থকা অবদানকাৰীসকল হল “প্রজ্ঞা,” আগুৰ আৰু ৰজা লেমুয়েল নামৰ এদল পুৰুষ। বাইবেলৰ ৰৈ যোৱা মত, ঈশ্বৰৰ পৰিত্রাণৰ পৰিকল্পনা হ’ল হিতোপদেশৰ কেন্দ্রবিন্দু, কিন্তু সম্ভবত অধিক চতুৰতাৰে। এই পুস্তক খনে ইস্রায়েলীসকলক ঈশ্বৰৰ পথ, অর্থাৎ সঠিক পথত বসবাস কৰিবলৈ দেখুৱাই দিছে। এইটো সম্ভব যে ঈশ্বৰে চলোমনৰ দ্বাৰা এই বিভাগটো লিপিবদ্ধ কৰিবলৈ অনুপ্রাণিত কৰিছিল, যিটো তেওঁৰ গোটেই জীবনৰ বাবে উন্মুক্ত আছিল। 
লিখাৰ স্থান আৰু সময় 
লিখাৰ সম্ভাব্য সময় প্রায় 971-686 খ্রীষ্টপূর্বৰ মাজভাগত। 
ৰজা হিচাপে চলোমনৰ শাসনকালত, হিতোপদেশ হাজাৰ বছৰ পূর্বে ইস্রায়েলত লিখা হৈছিল, এই পুস্তকৰ জ্ঞান যিকোনো সময়ত যিকোনো সংস্কৃতিতে প্রযোজ্য। 
প্রাপক 
হিতোপদেশৰ অধিক পাঠক বা দর্শক আছে। ইয়াত অভিভাৱকসকললৈ তেওঁলোকৰ সন্তানসকলৰ প্রতি নির্দেশনাৰ কাৰণে বক্তব্য দিয়া হৈছে। এই পুস্তক খন তৰুণ পৰুষ আৰু মহিলাসকলৰ বাবেও ব্যৱহাৰৰ কাৰণে বিচাৰি থকা জ্ঞান, আৰু চূড়ান্ত প্রজ্ঞা; এই পুস্তকে আজিৰ বাইবেল পাঠকসকলকো এটা ঐশ্বৰীক জীৱন যাপনৰ বাবে ব্যৱহাৰিক উপদেশৰ যোগান ধৰে। 
উদ্দেশ্য 
এই হিতোপদেশ পুস্তকত চলোমনে ঈশ্বৰৰ মনৰ উচ্চ আৰু মহৎ,আৰু সাধাৰণ, অস্থায়ী, দৈনন্দিন পৰিস্থিতিত প্রকাশ কৰে। ইয়াত প্রকাশিত হয় যে, কোনো বিষয়ে ৰজা চলোমনৰ মনোযোগ আতৰাই নিব পৰা নাই। ব্যক্তিগত আচৰণ, যৌন সম্পর্ক, ব্যবসায়, সম্পদ, দান, উচ্চাকাঙ্ক্ষা, শৃংখলা, ঋণ, শিশু-পালন, চৰিত্র গঠন, মদ, ৰাজনীতি, প্রতিহিংসা, আৰু ধার্মিকতাৰ সৈতে সম্পর্কিত বহু বিষয়ৰ মাজত আছে অনেক জ্ঞানগর্ভ কথাৰে সমৃদ্ধ বিষয়ক এই সংগ্রহত অন্তর্ভুক্ত কৰা হৈছে। 
মূল বিষয় 
জ্ঞান। 
প্রান্তৰেখা 
1. প্রজ্ঞাৰ গুণাৱলী — 1:1-9:18 
2. চলোমনৰ হিতোপদেশ — 10:1-22:16 
3. জ্ঞানগর্ভ বাণী,-- — 22:17-29:27 
4. আগুৰৰ কথা — 30:1-33 
5. লেমুয়েলেৰ কথা — 31:1-31  
 1 অধ্যায়
আভাস 
 1 দায়ূদৰ পুত্র চলোমন, ইস্রায়েলৰ ৰজা আছিল। চলোমনৰ নীতিবচন। 
 2 প্রজ্ঞা আৰু শিক্ষা লাভ কৰিবলৈ, 
সূক্ষ্মদৃষ্টিৰে বাক্য শিকোৱা, 
 3 সংশোধন গ্রহণ কৰা, তেতিয়া তুমি 
সত্য, ন্যায়পৰায়ণ, আৰু যথাৰ্থতাত জীয়াই থাকিব পাৰিবা। 
 4 যিসকলক শিক্ষা দিয়া হোৱা নাই, তেওঁলোকক প্রজ্ঞা দান কৰা; 
আৰু যুৱক সকলক জ্ঞান আৰু বিবেচনা দিয়া। 
 5 জ্ঞানীলোকক শুনিবলৈ দিয়া আৰু তেওঁলোকক শিক্ষাত বৃদ্ধি হ’বলৈ দিয়া। 
আৰু তীক্ষ্নবুদ্ধি সম্পন্ন লোকক পথপ্রদৰ্শন কৰা; 
 6 যাতে নীতিবচন আৰু বাণী, 
জ্ঞানীলোকৰ বাক্য আৰু তেওঁলোকৰ নিগূঢ়তত্ব বুজিব পাৰে। 
 7 যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ, 
অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন হেয়জ্ঞান কৰে। 
 8 হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আদেশ শুনা, 
আৰু তোমাৰ মাতৃৰ শাসন অৱজ্ঞা নকৰিবা; 
 9 তেওঁলোক তোমাৰ মুৰৰ বাবে কৰুণাময় মালাৰ দৰে হ’ব, 
আৰু তোমাৰ ডিঙিত ওলমি থকা মালাৰ লকেটৰ দৰে হ’ব। 
 10 হে মোৰ পুত্র, পাপীলোকে যদি তোমাক তেওঁলোকৰ পাপ কাৰ্যত প্রলোভিত কৰে, 
তেওঁলোকক অনুসৰণ নকৰিবা। 
 11 তেওঁলোকে যদি কয়, “আমাৰ লগত আহাঁ, 
আমি ৰক্তপাত কৰিবলৈ খাপ দি থাকোঁ; 
বিনা কাৰণে নিৰ্দ্দোষী লোকক আক্রমণ কৰিবলৈ লুকাই থাকোঁহক। 
 12 আহাঁ আমি চিয়োলৰ দৰে স্বাস্থ্যৱান লোকসকলক জীয়াই জীয়াই গিলি পেলাওঁ, 
আৰু তেওঁলোকক গাতত পৰি থকা লোকৰ দৰে কৰোঁহক। 
 13 আমি সকলো বিধৰ বহুমুল্য বস্তু বিচাৰিম, 
আৰু অন্য লোকৰ পৰা লুট কৰা বস্তুৰে আমাৰ ঘৰবোৰ পৰিপূৰ্ণ কৰিম। 
 14 তোমাৰ লুট কৰা বস্তু আমাৰ সৈতে একেলগ কৰা, 
আমাৰ সকলোৰে এখনেই মোনা হ’ব।” 
 15 হে মোৰ পুত্র, তেওঁলোকৰ পথত তুমি নাযাবা; 
তেওঁলোকৰ পথত তোমাৰ খোজ নিদিবা। 
 16 তেওঁলোকৰ খোজ কুকৰ্মৰ ফাললৈ লৰ মাৰে; 
আৰু তেওঁলোকে ৰক্তপাত কৰিবলৈ খৰধৰ কৰে। 
 17 যি সময়ত চৰাইয়ে চাই থাকে; 
সেই সময়ত চৰাই ধৰিবলৈ জাল পতা বৃথা। 
 18 সেই লোকসকলে নিজকে নিজেই ৰক্তপাত কৰিবলৈ খাপ দি থাকে; 
তেওঁলোকে নিজেই নিজৰ বাবে ফাঁন্দ পাতে। 
 19 সেয়ে অন্যায়ভাৱে ধনী হোৱা প্রতিজন লোকৰ এনে গতি হয়; 
অন্যায়কাৰীয়ে ন্যায়ত থকা লোকসকলৰ জীৱন লয়। 
 20 প্রজ্ঞাই পথত চিঞৰি ক্রন্দন কৰে, 
তেওঁ মুকলি ঠাইত উচ্চস্বৰে কথা কয়। 
 21 তেওঁ কোলাহলপূৰ্ণ ঘাই পথত ক্রন্দন কৰে, 
নগৰৰ প্রবেশ দুৱাৰত তেওঁ কয়, 
 22 “হে প্রজ্ঞা নথকা লোকসকল, কিমান দিন তোমালোকে নুবুজা কথাবোৰ ভাল পাই থাকিবা? 
হে নিন্দকসকল কিমান দিন তোমালোকে নিন্দা কৰি সন্তুষ্ট হবা? 
আৰু হে অজ্ঞানীসকল কিমান দিন জ্ঞানক ঘিণ কৰিবা? 
 23 মোৰ অনুযোগলৈ মনোযোগ দিয়া; 
মই তোমালোকৰ ওপৰত মোৰ চিন্তাধাৰা বাকি দিম, 
মই মোৰ কথা তোমালোকক জানিবলৈ দিম। 
 24 মই মাতিলোঁ, আৰু তোমালোকে শুনিবলৈ অমান্তি হলা; 
মই মোৰ হাত মেলিলোঁ, কিন্তু কোনেও মনযোগ নিদিলা। 
 25 কিন্তু তোমালোকে মোৰ সকলো পৰামৰ্শ উপেক্ষা কৰিলা; 
আৰু মোৰ দোষাৰোপলৈ মনোযোগ নিদিলা। 
 26 তোমালোকৰ দুৰ্যোগৰ সময়ত মই হাঁহিম, 
আৰু যেতিয়া তোমালোকলৈ সন্ত্রাস আহিব, তেতিয়া মই ঠাট্টা কৰিম। 
 27 যেতিয়া সন্ত্রাস ভয়ঙ্কৰ ধুমুহাৰ দৰে তোমালোকলৈ আহিব, 
আৰু বা’মাৰলিৰ দৰে তোমালোকৰ ওপৰত দুৰ্যোগ ঘটিব, 
যেতিয়া বেদনা আৰু ক্লেশ তোমালোকৰ ওপৰলৈ আহিব, 
 28 তেতিয়া তেওঁলোকে মোৰ ওচৰত প্রাৰ্থনা কৰিব, কিন্তু মই উত্তৰ নিদিম, 
তেওঁলোকে নিদাৰুণভাবে মোক মাতিব, কিন্তু তেওঁলোকে মোক বিচাৰি নাপাব; 
 29 কাৰণ তেওঁলোকে জ্ঞানক ঘিণ কৰে, 
আৰু যিহোৱাক তেওঁলোকে ভয় কৰিবলৈ ইচ্ছা নকৰে। 
 30 তেওঁলোকে মোৰ আদেশ অনুসৰণ নকৰে, 
আৰু তেওঁলোকে মোৰ সকলো শাসন প্রণালী হেয়জ্ঞান কৰে। 
 31 তেওঁলোকে তেওঁলোকৰ পথৰ ফল ভোগ কৰিব, 
তেওঁলোকে নিজৰ পৰিকল্পনাৰ ফলেৰে পৰিপূৰ্ণ হ’ব। 
 32 অশিক্ষিত সেই লোকসকল যেতিয়া বিপথে যায়, তেতিয়া তেওঁলোকৰ মৃত্যু হয়। 
মূৰ্খৰ নিৰপেক্ষতাই তেওঁলোকক ধ্বংস কৰিব। 
 33 কিন্তু যি জনে মোৰ কথা শুনে, তেওঁ নিৰাপদে থাকিব, 
আৰু দুৰ্যোগৰ ভয় নোহোৱাকৈ সুৰক্ষিত হৈ জিৰণী ল’ব।”