104 অধ্যায়
 1 হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। 
হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান; 
তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত। 
 2 বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, 
আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা। 
 3 তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা; 
মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা, 
বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা। 
 4 তুমি বতাহক তোমাৰ দূত* নিজৰ দূতবোৰক বায়ুস্বৰূপ কৰে। কৰিছা; 
অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা† বা, তুমি তোমাৰ দূতক বতাহৰ নিচিনা কৰিছা আৰু অগ্নিশিখা কৰিছা।। 
 5 তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা; 
সেয়ে কেতিয়াও লৰচৰ নহ’ব। 
 6 তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা। 
সেই জল সমূহে পৰ্ব্বতবোৰো ঢাকিছিল। 
 7 কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল; 
তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল। 
 8 পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল; 
তুমি জল সমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল। 
 9 এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা, 
যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে। 
 10 উপত্যকাবোৰত তুমিয়েই জুৰিবোৰ পঠাই দিয়া; 
সেইবোৰ পৰ্ব্বতবোৰৰ মাজেদি বৈ যায়। 
 11 সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়; 
বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়। 
 12 জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাহ লয়, 
গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়। 
 13 তেওঁ আকাশৰ পৰা‡ নিজৰ ওপৰ কোঁঠালিৰ পৰা পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে; 
তোমাৰ কৰ্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়। 
 14 তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ কাৰণে শস্য উৎপন্ন হ’বলৈ দিয়া, 
যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়; 
 15 যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস, 
মুখ উজ্জ্বল কৰা তেল, 
আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়। 
 16 যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়; 
তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়। 
 17 সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে। 
 18 ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস; 
শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান। 
 19 ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মাণ কৰিলা; 
তুমি নিৰূপন কৰা অনুসাৰে সূৰ্যই নিজৰ অস্ত যোৱা সময় জানে। 
 20 তুমি অন্ধকাৰ কৰিলে ৰাতি হয়; 
অৰণ্যৰ পশুবোৰে তেতিয়া ঘূৰি ফুৰে। 
 21 যুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জ্জন কৰে; 
ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে। 
 22 সূৰ্য উদয় হ’লে সিহঁত গুছি যায় আৰু নিজ নিজ গাতত শয়ন কৰে। 
 23 মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়; 
সন্ধ্যালৈকে পৰিশ্ৰম কৰে। 
 24 হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী! 
তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা; 
সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ। 
 25 সৌৱা সমুদ্র, বৃহৎ আৰু বিস্তীর্ণ; 
তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰগ প্রাণী আছে। 
 26 তাৰ মাজত জাহাজবোৰ চলে; 
তাত লিবিয়াথনো§ চাওক গীত 74:14 থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা। 
 27 সিহঁত সকলোৱেই তোমাৰ অপেক্ষাত থাকে; 
যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া। 
 28 তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়; 
তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়। 
 29 তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়; 
তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে। 
 30 তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়, 
আৰু তুমি ভূমিতল নতুন কৰি তোলা। 
 31 যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক; 
যিহোৱাই নিজ কাৰ্যবোৰত আনন্দ কৰক। 
 32 তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়: 
তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়। 
 33 মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম; 
মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম। 
 34 তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক; 
মই যিহোৱাত আনন্দ কৰিম। 
 35 পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক; 
দুষ্টলোক আৰু নাথাকক। 
হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। 
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। 
*104 অধ্যায়:4 নিজৰ দূতবোৰক বায়ুস্বৰূপ কৰে।
†104 অধ্যায়:4 বা, তুমি তোমাৰ দূতক বতাহৰ নিচিনা কৰিছা আৰু অগ্নিশিখা কৰিছা।
‡104 অধ্যায়:13 নিজৰ ওপৰ কোঁঠালিৰ পৰা
§104 অধ্যায়:26 চাওক গীত 74:14