99 অধ্যায়
 1 যিহোৱাই ৰজা; জাতি সমূহ কম্পিত হওঁক। 
তেওঁ কৰূবৰ ওপৰত সিংহাসনত বহি আছে; 
পৃথিৱী কঁপি উঠক। 
 2 চিয়োনত যিহোৱা মহান; 
সমুদায় জাতিৰ উর্দ্ধত তেওঁক উন্নীত কৰা হ’ল। 
 3 জাতিবোৰে তেওঁৰ মহৎ আৰু ভয়াবহ নামৰ প্ৰশংসা কৰক; 
তেওঁ পবিত্ৰ। 
 4 শক্তিশালী ৰজাই ন্যায় ভাল পায়* যদি ৰজা শক্তিশালী হয়, তেনেহলে তেওঁ ন্যায় ভাল পায়।; 
তুমিয়েই ন্যায়বিচাৰ স্থাপন কৰিলা; 
তুমিয়েই যাকোবৰ বংশৰ মাজত ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সাধন কৰিলা। 
 5 আমাৰ ঈশ্বৰ যিহোৱাৰ উচ্চ প্রশংসা কীৰ্ত্তন কৰা, 
তেওঁৰ ভৰিপীৰা সন্মুখত প্ৰণিপাত কৰা; 
তেওঁ পবিত্ৰ। 
 6 তেওঁৰ পুৰোহিতসকলৰ মাজৰ মোচি আৰু হাৰোণ, 
আৰু প্ৰার্থনা কৰা লোকসকলৰ মাজৰ চমূৱেলে 
প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ উত্তৰ দিছিল। 
 7 তেওঁ মেঘ স্তম্ভৰ মাজৰ পৰা তেওঁলোকক কথা কৈছিল; 
তেওঁ দিয়া আজ্ঞা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিছিল। 
 8 হে আমাৰ ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ প্রার্থনাৰ উত্তৰ দিছিলা; 
তুমি তেওঁলোকলৈ এজন ক্ষমাৱান ঈশ্বৰ আছিলা, 
তথাপিও তেওঁলোকৰ ভুল কর্মৰ প্রতিফল দিছিলা। 
 9 তোমালোকে আমাৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, 
তেওঁৰ পবিত্ৰ পৰ্ব্বত অভিমুখে প্ৰণিপাত কৰা: 
কিয়নো আমাৰ ঈশ্বৰ যিহোৱা পবিত্ৰ।