57 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে অল-তচহেৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ূদৰ ৰচিত গীত। তেওঁ চৌলৰ সন্মুখৰ পৰা গুহালৈ পলাই যোৱা সময়ৰ গীত। 
 1 হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; 
কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্রয় লৈছে; 
এনে কি, এই আপদবোৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম। 
 2 মই সৰ্ব্বোপৰি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম, 
মোৰ কাৰ্যসাধক ঈশ্বৰক নিবেদন কৰিম। 
 3 মোক গ্ৰাস কৰিব খোজা জনে নিন্দা কৰা সময়ত, তেওঁ স্বৰ্গৰ পৰা পঠাই মোক পৰিত্ৰাণ কৰিব; [চেলা]। 
ঈশ্বৰে নিজ দয়া আৰু সত্যতা পঠাই দিব। 
 4 মোৰ জীৱন শত্রুবোৰৰ মাজত আছে* মোৰ প্ৰাণ সিংহবোৰৰ মাজত আছে;, 
সেই লোকসকলৰ দাঁত বৰছা আৰু কাঁড় স্বৰূপ, 
আৰু যিবোৰৰ জিভা চোকা তৰোৱাল স্বৰূপ, 
এনে অগ্নি-শিখা স্বৰূপ মনুষ্য সন্তানবোৰৰ মাজত মই শুইছোঁ। 
 5 হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; 
গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক। 
 6 সিহঁতে মোৰ ভৰিলৈ জাল পাতিলে; 
মোৰ প্ৰাণ নত হৈছে। 
সিহঁতে মোৰ সন্মুখত গাত খানিলে; 
সিহঁত নিজেই তাৰ ভিতৰত পৰিল। [চেলা]। 
 7 হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হ’ল, মোৰ মন সুস্থিৰ হ’ল, 
মই গীত গাম, এনে কি, প্ৰশংসাৰ গান কৰিম। 
 8 হে মোৰ হৃদয়, সাৰ পোৱা; 
হে নেবল আৰু বীণা, সাৰ পোৱা; 
মই প্ৰভাতক জগাম। 
 9 হে প্ৰভু, জাতিবিলাকৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম; 
লোক সকলৰ মাজত মই তোমাৰ প্ৰশংসাৰ গান কৰিম। 
 10 কিয়নো তোমাৰ দয়াৰ মহত্ব স্বৰ্গলৈকে, 
আৰু তোমাৰ সত্যতা আকাশলৈকে। 
 11 হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; 
গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।