43 অধ্যায়
 1 হে ঈশ্বৰ, মোৰ বিচাৰ কৰা; 
ঈশ্বৰ ভয়হীন জাতিৰ বিৰুদ্ধে মোৰ পক্ষে কথা কোৱা; 
ছল আৰু অন্যায়কাৰী মানুহৰ পৰা মোক ৰক্ষা কৰা। 
 2 কিয়নো তুমিয়েই মোৰ ঈশ্বৰ, মোৰ দুৰ্গ; তুমি মোক কিয় ত্যাগ কৰিলা? 
মই কিয় শত্ৰুৰ উপদ্ৰৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছোঁ? 
 3 তোমাৰ দীপ্তি আৰু সত্যতাক পঠাই দিয়া; সেইবোৰেই মোৰ পথদৰ্শক হওঁক; 
সেইবোৰেই মোক তোমাৰ সেই পবিত্ৰ পৰ্ব্বতলৈ 
আৰু তোমাৰ আবাসলৈ লৈ যাওঁক। 
 4 তাতে মই ঈশ্বৰৰ যজ্ঞ-বেদীৰ ওচৰলৈ যাম, 
মোৰ পৰম আনন্দৰ ঈশ্বৰৰ ওচৰলৈ যাম; 
হে ঈশ্বৰ, হে মোৰ ঈশ্বৰ, মই বীণাৰে তোমাৰ ধন্যবাদ কৰিম। 
 5 হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা? 
কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? 
ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। 
তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।