যোৱেল 
গ্রন্থ ৰচয়িতা 
যোৱেল পুস্তকৰ লিখক আছিল ভাববাদী যোৱেল (যোৱেল 1:1)। এই পুস্তকত কিছুমান ব্যক্তিগত তথ্যৰ বাহিৰে আমি ভাববাদী যোৱেলৰ সম্পর্কে অতি কম জানিবলৈ পাওঁ। তেওঁ নিজকে পিথুয়েলৰ পুত্র হিচাপে চিনাকি দিছে, তেওঁ যিহূদাৰ লোকসকলৰ প্রতি প্রচাৰ কৰে, আৰু যিৰূচালেমলৈ অধিক আগ্রহ প্রকাশ কৰে। ইয়াৰ উপৰিও তেওঁ পুৰোহিত আৰু মন্দিৰ সম্পর্কত বিভিন্ন মন্তব্য প্রদান কৰিছে, লগতে যিহূদাৰ উপাসনা কেন্দ্রৰ সৈতেও ঘনিষ্ঠ ইংগিত প্রদান কৰিছে। (যোৱেল 1:13-14; 2:14,17)। 
লিখাৰ স্থান আৰু সময় 
লিখাৰ সম্ভাব্য সময় প্রায় 835-600 খ্রীষ্টপূর্ব মাজভাগত। 
সম্ভৱতঃ পুৰণি নিয়মৰ ইতিহাসৰ সময় পাৰস্য কালত যোৱেলে বসবাস কৰিছিল। সেই সময়ত, পাৰস্যৰ লোকসকলে কিছুমান ইহুদিক যিৰূচালেমলৈ উভতি যাবৰ বাবে অনুমতি দিছিল আৰু অৱশেষত মন্দিৰৰ পুনৰ নির্মান হয়। যোৱেল আছিল মন্দিৰৰ সৈতে পৰিচিত, সেয়ে তেওঁ নিশ্চিতভাবে পুনৰূদ্ধাৰৰ পাছত হ’ব। 
প্রাপক 
ইস্রায়েলৰ লোক আৰু পাছত বাইবেলৰ সকলো পাঠক। 
উদ্দেশ্য 
ঈশ্বৰ দয়ালুও হয়, যিসকলে মনপালটন কৰে, সেই লোকক ক্ষমা দান কৰে। এই পুস্তক খনৰ দ্বাৰা দুটা প্রধান ঘটনাক দৃষ্টিগোচৰ কৰিছে। এটা হ’ল ফৰিঙৰ আক্রমণ আৰু আনটো হ’ল আত্মাৰ প্রকাশ। পাঁচনিৰ কর্ম দুই অধ্যায়ত পিতৰৰ যোগেদি পঞ্চাশদিনীয়া পর্বৰ ঠাইত এই উদ্ধৃতি প্রাথমিকভাবে পৰিপূর্ণ হয়। 
মূল বিষয় 
প্রভুৰ দিন। 
প্রান্তৰেখা 
1. ফৰিঙৰ দ্বাৰা ইস্রায়েল আক্রান্ত হোৱা — 1:1-20 
2. ঈশ্বৰৰ শাস্তি — 2:1-17 
3. ইস্রায়েলৰ পুনৰূদ্ধাৰ — 2:18-32 
4. ঈশ্বৰে তেওঁৰ লোকসকলৰ মাজত থাকি দেশৰ বিচাৰ কৰে — 3:1-21  
 1 অধ্যায়
বৰ্ত্তমানৰ আপদৰ বিষয়। 
 1 পথূৱেলৰ পুত্ৰ যোৱেললৈ অহা এইটো যিহোৱাৰ বাক্য। 
 2 হে পৰিচাৰকসকল, এই কথা শুনা? 
আৰু হে দেশনিবাসীসকল, কাণ দিয়া। তোমালোকৰ দিনত বা তোমালোকৰ পূৰ্বপুৰুষসকলৰ দিনত এনে ঘটিছিল নে? 
 3 তোমালোকে নিজ নিজ সন্তান সকলক এই বিষয়ে কোৱা, 
আৰু তেওঁলোকেও নিজ নিজ সন্তান সকলক কওঁক, 
আৰু তেওঁলোকৰ সন্তান সকলেও তেওঁলোকৰ ভাবী সন্তান সকলক কওঁক। 
 4 কুটি খোৱা ফৰিঙে এৰাখিনি কাকতী ফৰিঙে খালে; 
আৰু কাকতী ফৰিঙে এৰাখিনি চেলেকা ফৰিঙে খালে; 
আৰু চেলেকা ফৰিঙে এৰাখিনি বিনাশকাৰী* বিনাশকাৰী ভুৰ পোক ফৰিঙে খালে। 
 5 হে মতলীয়াসকল, সাৰ পোৱা আৰু কান্দা! 
বিলাপ কৰা, হে দ্ৰাক্ষাৰস পান কৰোঁতাসকল, 
কাৰণ নতুন দ্রাক্ষাৰস তোমালোকৰ মুখৰ পৰা সম্পূর্ণৰূপে আতৰাই দিয়া হ’ল। 
 6 কিয়নো এটা জাতি† ফৰিঙৰ এটা বৃহৎ সৈন্য দল। মোৰ দেশৰ বিৰুদ্ধে উঠি আহিল, 
অসংখ্য প্ৰাণী থকা এক বলবান জাতি। 
সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা, 
আৰু সিংহী‡ প্রকাশিত বাক্য 9:7-10ৰ গুৰি দাঁতৰ নিচিনা সিহঁতৰ গুৰি দাঁত। 
 7 সিহঁতে মোৰ দ্ৰাক্ষালতা ধ্বংস কৰিলে, 
আৰু মোৰ ডিমৰু গছৰ বাকলি এৰুৱালে। 
সিহঁতে তাক নিচেইকৈ বখলিয়ালে আৰু পেলাই দিলে; 
তাৰ ডালবোৰ বগা কৰিলে। 
 8 যৌৱন কালৰ স্বামীৰ শোকত চট কাপোৰেৰে কঁকাল বন্ধা কন্যাৰ নিচিনাকৈ তুমি বিলাপ কৰা। 
 9 যিহোৱাৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য বন্ধ কৰা হ’ল। 
যিহোৱাৰ দাসবোৰ, পুৰোহিতসকলে শোক কৰিছে। 
 10 পথাৰবোৰ নষ্ট হ’ল, 
ভূমিয়ে শোক§ শুকাই গ’ল। কৰিছে। 
কিয়নো শস্য নষ্ট কৰা হ’ল, 
নতুন দ্ৰাক্ষাৰস শুকাল, 
আৰু তেল নাইকিয়া হ’ল। 
 11 হে খেতিয়কসকল, লজ্জিত হোৱা, 
হে দ্ৰাক্ষাবাৰী আপডাল কৰোঁতাসকল, 
ঘেঁহু ধান আৰু যৱৰ বাবে বাবে বিলাপ কৰা। 
কিয়নো পথাৰৰ শস্য বিনষ্ট হ’ল। 
 12 দ্ৰাক্ষালতা শুকাল, ডিমৰু গছ জঁয় পৰিল, 
ডালিম, খাজুৰ আৰু আপেলৰ গছবোৰ - 
পথাৰৰ সকলো গছ শুকাল। সঁচাকৈ মনুষ্য সন্তান সকলৰ মাজৰ পৰা আমোদ প্ৰমোদ নাইকিয়া হ’ল। 
 13 হে পুৰোহিতসকল, তোমালোকে চট কাপোৰ পৰিধান কৰি বিলাপ কৰা! 
হে যজ্ঞ-বেদিৰ পৰিচাৰকসকল, বিলাপ কৰা। 
হে মোৰ ঈশ্বৰৰ দাসবোৰ, আহাঁ, চট কাপোৰ পিন্ধি ওৰে ৰাতি পৰি থাকা। 
কিয়নো তোমালোকৰ ঈশ্বৰৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য প্রতিৰোধ কৰা হৈছে। 
 14 তোমালোকে পবিত্ৰ উপবাস নিৰূপণ কৰা, 
সমাজ গোট খাবলৈ ঘোষণা কৰা। 
পৰিচাৰকসকল আদি কৰি দেশনিবাসী আটাই লোকক গোট খুউৱাই 
তোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহত 
যিহোৱালৈ কাতৰোক্তি কৰা, 
 15 হায় হায়, এয়ে কেনে দিন! 
কিয়নো যিহোৱাৰ ভয়ংকৰ দিন ওচৰ। 
এই সকলোৰে সৈতে সৰ্ব্বশক্তিমান ঈশ্বৰৰ পৰা যেন প্ৰলয়হে উপস্থিত হ’ল। 
 16 আমাৰ চকুৰ আগত খোৱা বস্তুবোৰ, 
আৰু এনেকি আমাৰ ঈশ্বৰৰ গৃহৰ আনন্দ আৰু উল্লাস লোপ পোৱা নাই নে? 
 17 বোৱা কঠীয়াৰ ধানবোৰ নিজ নিজ চপৰাৰ তলত শুকাই গ’ল, 
ভঁৰালবোৰ ধ্বংস কৰা হ’ল, শস্যৰ ঘৰবোৰ ভাগিল, 
কাৰণ শস্যবোৰ নাইকিয়া হ’ল। 
 18 পশুবোৰে কেনেকৈ কেঁকাইছে! 
চৰণীয়া ঠাই নোহোৱাৰ বাবে 
গৰুৰ জাকবোৰ ব্যাকুল হৈছে। 
এনেকি মেৰ-ছাগ আৰু ছাগলীৰ জাকবোৰে দণ্ড ভোগ কৰিছে। 
 19 হে যিহোৱা, মই তোমাৰেই আগত কাতৰোক্তি কৰিছোঁ। 
কিয়নো অগ্নিয়ে অৰণ্যৰ চৰণীয়া ঠাইবোৰ গ্ৰাস কৰিলে, 
অগ্নিশিখাই খেতিৰ সকলো গছবোৰ পুৰি পেলালে। 
 20 বনৰ পশুবোৰেও তোমাৰ আগত ক্ৰন্দন কৰিছে, 
কিয়নো জলৰ জুৰিবোৰ শুকাল, 
আৰু অৰণ্যৰ চৰণীয়া ঠাইবোৰ অগ্নিয়ে গ্ৰাস কৰিলে। 
*1 অধ্যায়:4 বিনাশকাৰী ভুৰ পোক
†1 অধ্যায়:6 ফৰিঙৰ এটা বৃহৎ সৈন্য দল।
‡1 অধ্যায়:6 প্রকাশিত বাক্য 9:7-10
§1 অধ্যায়:10 শুকাই গ’ল।