হবক্কুক 
গ্রন্থ ৰচয়িতা 
হবক্কুক 1:1 পদে চিহ্নিত কৰে যে, হবক্কুক পুস্তক খন ভাববাদী হবক্কুকৰ পৰা বাণী হিচাপে আহিছে। তেওঁৰ নামৰ বাহিৰে হবক্কুকৰ বিষয়ত আমি বিশেষকৈ আন একো নাজানো। তেওঁক “হবক্কুক ভাববাদী” বুলি কোৱা হয়, ধাৰণা হয় যে অপেক্ষাকৃতভাবে তেওঁ এই নামেৰে সুপৰিচিত আছিল; আৰু ইয়াতকৈ আন কোনো প্রয়োজনীয় চিনাক্তকৰণ কৰিবলগীয়া তথ্য নাছিল। 
লিখাৰ স্থান আৰু সময় 
লিখাৰ সম্ভাব্য সময় প্রায় 612-605 খ্রীষ্টপূর্ব ভিতৰত। 
দক্ষিণাঞ্চলত থকা ৰাজ্য যিহূদাৰ পতনৰ ঠিক আগে আগে এই পুস্তক হয়তো হবক্কুকে লিখিছিল। 
প্রাপক 
যিহূদাৰ লোকসকল আৰু সকলোতে থকা ঈশ্বৰৰ লোকসকলৰ প্রতি সাধাৰণ পত্র। 
উদ্দেশ্য 
হবক্কুক বিস্মিত হৈ গৈছিল যে, কিয় ঈশ্বৰে তেওঁৰ মনোনীত লোকসকলক তেওঁলোকৰ শত্রুসকলৰ হাতৰ যোগেদি অত্যাচাৰ পাবলৈ অনুমতি দিয়ে। ঈশ্বৰে উত্তৰ দিছিল আৰু হবক্কুকৰ বিশ্বাসক পুনঃস্থাপন কৰিছিল; এই পুস্তকৰ উদ্দেশ্য হ’ল, যিসকলে তেওঁৰ ওপৰত আস্থা বজায় ৰাখে, তেওঁৰ সেই লোকসকলৰ সুৰক্ষা দাতা হিচাপে যিহোৱাক ঘোষণা কৰা, আৰু যিহূদাৰ সার্বভৌম যোদ্ধা হিচাপে যিহোৱাক ঘোষণা কৰা; এদিন তেওঁ অত্যাচাৰী বেবিলনীয়সকলৰ ওপৰত বিচাৰ কৰিব। হবক্কুক পুস্তকে আমাক এজন গর্বিত নম্র মানুহৰ ছবি প্রদান কৰে, য’ত ঈশ্বৰত বিশ্বাস কৰাৰ দ্বাৰা ধার্মিকতাৰ জীৱন দেখা পাওঁ (2:4)। 
মূল বিষয় 
সার্বভৌম স্রষ্টাৰ বিশ্বাস। 
প্রান্তৰেখা 
1. হবক্কুকৰ অভিযোগ — 1:1-2:20 
2. হবক্কুকৰ প্রার্থনা — 3:1-19  
 1 অধ্যায়
ভাববাদী হবক্কুকে দৰ্শনত পোৱা গভীৰ বাক্য। 
 1 ভাববাদী হবক্কুকে ঘোষণা কৰা বাৰ্ত্তা গৃহীত কৰিলে। 
 2 “হে যিহোৱা, মই কিমান দিন সহায়ৰ বাবে কান্দি থাকিম, আৰু আপুনি নুশুনাকৈ থাকিব? 
মই আপোনাৰ আগত অত্যাচাৰৰ ভয়ত কাতৰোক্তি কৰিছোঁ, কিন্তু আপুনি মোক ৰক্ষা নকৰে। 
 3 আপুনি মোক কিয় অপৰাধ, আৰু অন্যায় কার্য চাব দিছে? 
মোৰ আগত উপদ্ৰৱ আৰু অত্যাচাৰ হৈ আছে, ইয়াত বিৰোধ, আৰু বিবাদ বৃদ্ধি পাইছে। 
 4 সেই কাৰণে বিধান দুৰ্বল হৈছে, আৰু ন্যায় বিচাৰ বহুদিনলৈকে নাথাকিব। 
দুষ্টই ধাৰ্মিকক চাৰিওফালে বেৰি ধৰাৰ কাৰণে, ভুল বিচাৰ হয়।” 
 5 “দেশীয় লোকসকলক চোৱা, আৰু পৰীক্ষা কৰা, আচৰিত আৰু বিস্মিত হোৱা! 
কাৰণ মই তোমালোকৰ দিনত নিশ্চয় এনে কাৰ্য কৰিম; যি কাৰ্য তোমালোকৰ আগত প্রকাশ হলেওঁ তোমালোকে বিশ্বাস নকৰিবা। 
 6 কাৰণ চোৱা! দেশৰ হিংস্র আৰু অবিবেচক কলদীয়া* বাবিলনীয় সকলক মই তুলি ধৰিবলৈ উদ্যত। 
তেওঁলোকে পৃথিবীৰ প্রস্থয়েদি যাত্রা কৰি, যিবোৰ তেওঁলোকৰ নহয়, সেইবোৰ ঘৰ অধিকাৰ কৰিব। 
 7 তেওঁলোক ত্ৰাসজনক আৰু ভয়ানক; তেওঁলোকৰ বিচাৰ আৰু ঐশ্বৰ্য তেওঁলোকৰ নিজৰ পৰাই আৰম্ভ হয়। 
 8 তেওঁলোকৰ ঘোঁৰাবোৰ নাহৰফুটুকী বাঘতকৈয়ো দ্রুতবেগী, আৰু গধূলি পৰৰ ৰাংকুকুৰতকৈয়ো বেগী! 
সেয়ে তেওঁলোকৰ ঘোঁৰাবোৰ ছাব মৰা, 
আৰু তেওঁলোকৰ অশ্বাৰোহীসকল ঈগলে খাবলৈ বেগেৰে উৰি অহাৰ দৰে, বহু দূৰৰ পৰা বেগেৰে আহে। 
 9 তেওঁলোক সকলোৱে অত্যাচাৰ কৰিবলৈ আহে; 
তেওঁলোক দলে দলে মৰুভূমিৰ বতাহৰ দৰে যায়, আৰু তেওঁলোকে বালিৰ দৰে বন্দীসকলক গোট খোৱাই। 
 10 সেয়ে তেওঁলোকে ৰজাক বিদ্রূপ কৰে, আৰু শাসনকৰ্ত্তাসকল তেওঁলোকৰ বাবে হাঁহিয়াতৰ পাত্র হয়। 
তেওঁলোকে প্ৰত্যেক দুৰ্গক তুচ্ছ জ্ঞান কৰে; কাৰণ তেওঁলোকে মাটি দ’ম কৰে আৰু সীমা বান্ধি সেই সকলো কাঢ়ি লয়। 
 11 তাৰ পাছত তেওঁলোকে বতাহৰ দৰে ক্ষিপ্রগতিৰে আগবাঢ়িব; আৰু যিসকলৰ শক্তিয়েই নিজৰ দেৱতা, সেই দোষী লোকসকলৰ ওপৰেৰে পাৰ হ’ব।” 
 12 “হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ পবিত্ৰ জনা, আপুনি অনাদি কালৰে পৰা নাই জানো? আমাৰ মৃত্যু নহ’ব। 
যিহোৱাই বিচাৰৰ বাবে তেওঁলোকক অভিষেক কৰিলে, আৰু আপুনি শিল, তেওঁলোকক সংশোধন কৰিবলৈ আপুনি প্রতিষ্ঠিত হ’ল। 
 13 পাপলৈ স্থিৰভাৱে দৃষ্টি কৰিবলৈ আপোনাৰ দৃষ্টি অতি পবিত্ৰ, আৰু আপুনি অনুগ্রহেৰে সৈতে অন্যায় কাৰ্য চাব নোৱাৰে। 
তেনেহ’লে আপুনি বিশ্বাসঘাত কৰা সকললৈ কিয় অনুগ্রহেৰে দৃষ্টি কৰিছে? 
দুষ্টলোকে নিজতকৈ অধিক ধাৰ্মিক লোকক গ্ৰাস কৰাৰ সময়ত আপুনি কিয় নিৰৱে থাকে? 
 14 আপুনি সাগৰৰ মাছৰ দৰে, আৰু শাসনকৰ্ত্তা নোহোৱা বগাই যোৱা লতাৰ দৰে মানুহক সৃষ্টি কৰিলে? 
 15 তেওঁলোকে সকলোকে তেওঁলোকৰ বৰশীৰে তোলে, তেওঁলোকে মাছ ধৰা জালেৰে মানুহক ধৰে, 
আৰু তেওঁলোকক তেওঁলোকৰ জালেৰে গোটায়; এই কাৰণে তেওঁলোকে উৎসাহিত হৈ চিঞৰে আৰু আনন্দ কৰে। 
 16 সেই কাৰণে তেওঁলোকে নিজৰ মাছ ধৰা জালৰ উদ্দেশ্যে উৎসৰ্গ কৰে, আৰু তেওঁলোকৰ জালৰ উদ্দেশ্যে ধূপ জ্বলায়; 
কাৰণ হৃষ্টপুষ্ট পশুবোৰ তেওঁলোকৰ অংশ আৰু চৰ্ব্বিযুক্ত মাংস তেওঁলোকৰ আহাৰ হয়। 
 17 সেয়ে তেওঁলোকে সহানুভূতি নোহোৱাকৈ নিজৰ জাল খালি কৰি, অবিৰাম দেশীয় লোকসকলক বধ কৰিব নে?